Top Header Ad

স্বাস্থ্য

গোলাপৰ পাহিৰে ঘৰতে তৈয়াৰ কৰক লিপ বাম




শীতকালত আমাৰ ছালবোৰ শুকান হৈ পৰে।এই দিনকেইটাত ওঁঠ দুটাও ফাটিবলৈ ধৰে আৰু ওঁঠৰ পৰা তেজ ওলাই আহে। ওঁঠৰ যত্নৰ বাবে আমি বজাৰৰ পৰা ক্ৰয় ব্যৱহাৰ কৰা নামী-দামী ময়েশ্চাৰাইজাৰ আৰু লিপ বামে ওঁঠ ফটা সমস্যা বৃদ্ধিত দুগুণে অৰিহনা যোগায়। ওঁঠৰ ছাল অতি সূক্ষ্ম, সেয়েহে ইয়াত ৰাসায়নিক পদাৰ্থৰ সলনি প্ৰাকৃতিক সামগ্ৰীহে ব্যৱহাৰ কৰিব লাগে। ঠাণ্ডাৰ দিনকেইটাত ওঁঠখন ভাল কৰি ৰাখিবলৈ আপুনি ঘৰতে লিপ বাম তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰে। হয়, আপুনি গোলাপ ফলৰ পৰা ঘৰতে সহজতে তৈয়াৰ কৰিব পাৰে লিপ বাম। 



ঘৰত লিপ বাম তৈয়াৰ কৰাৰ বাবে দৰকাৰী উপাদান-

গোলাপৰ পাহি- ১০-১৫টা

ভিটামিন ই কেপচুল - ২ টা

কেঁচা গাখীৰ- ১ চামুচ

এল'ভেৰা জেল- ২ চামুচ

লিপ বাম কেনেদৰে বনাব লাগে-

- লিপ বাম বনাবলৈ প্ৰথমে আপুনি গোলাপৰ পাহিখিনি ধুই মিক্সাৰ গ্ৰাইণ্ডাৰত পিছি ল'ব।

- এটা চাফা বাটিত এই পেষ্টটো উলিয়াব।

-এতিয়া এই পেষ্টত অলপ কেঁচা গাখীৰ, ভিটামিন ই কেপচুলৰ জেল আৰু এল'ভেৰা জেল মিহলাই ল'ব।

- যেতিয়া এই সকলোবোৰৰ মিশ্ৰণ মসৃণ হয়, পেষ্টটো এটা এয়াৰটাইট পাত্ৰত বন্ধ কৰি ফ্ৰিজত থ'ব। ফ্ৰীজাৰত ৩-৪ঘণ্টা ৰখাৰ পিছত এই লিপ বাম আপুনি ব্যৱহাৰ কৰিব পাৰিব।

এই ঘৰুৱা লিপ বাম ব্যৱহাৰৰ লাভালাভ-

- প্ৰাকৃতিক লিপবাম ব্যৱহাৰ কৰিলে ওঁঠ ভিতৰৰ পৰা হাইড্ৰেটড হৈ থাকিব।

- ই ওঁঠ কোমল কৰাত সহায় কৰিব।

- ওঁঠক সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব।

- ই গাঢ় ওঁঠত গুলপীয়া ৰং দিয়াত এশ শতাংশই সহায়ক।

Post a Comment

Footer Ad

Contact form